পুৰণা প্ৰশ্ন|

অসমৰ অসমীয়া হৈ থাকিবলৈ যেন মন বা ইচ্ছা নাই কাৰো। কাৰ্বি আংলং আৰু ডিমা হাচাও মিলাই বেলেগ ৰাজ্য, বি টি চি ত আৰু এখন ৰাজ্য, পাৰিলে কমতাপুৰ ৰাজ্য আৰু বহুতো। এই জাতি, জনগোষ্ঠীসমূহৰ মাজত যি ভাঙোন তথা সন্দেহৰ বীজ শিপাই পৰিছে সি দিনে দিনে যেন গভীৰ হৈ গৈছে। কিন্তু কেতিয়াবা ভাৱ হয় সঁচাকৈয়ে জানো এই জনগোষ্ঠীসমূহৰ সকলো মানুহে বিচাৰে এই বিভাজন নে এয়া সেইকেইটা জনগোষ্ঠীয় সংগঠনৰ দুজনমান নেতা পালিনেতাৰহে দাবী ? ৰাজনৈতিক অপৰিপক্কতাই মোক এইবোৰ কথাত খুব খেলিমেলি লগায়। আচলতে সঁচাকৈয়ে কাৰ্বি বা ডিমাছা বা বড়োৰ সৰ্বসাধাৰণ লোকসকলেও বিচাৰে নেকি এইদৰে আঁতৰি যাবলৈ ?
August 1, 2013 at 2:48am

Advertisements
Posted in Uncategorized | মন্তব্য দিয়ক

স্বাধীনতা।

*********
-“তুমি আমাৰ সংস্থাত কিয় যোগ দিব বিচাৰিছা ?”
-“মই দেশক ভাল পাওঁ ছাৰ। দেশৰ বাবে কিবা এটা কৰিব বিচাৰোঁ। দেশৰ কাৰণে আমাৰ ককাদেউতাহঁতে যি বলিদান দিছিল ময়ো সেই গৌৰৱৰ অংশীদাৰ হ’ব বিচাৰোঁ। যেতিয়াই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো শুনো বা গাওঁ মই দেহত এক বুজাব নোৱাৰা শিহৰণ তথা উদ্যম অনুভৱ কৰোঁ। মই বিশ্বাস কৰোঁ এয়া মোৰ অন্তৰৰ আহ্বান। এয়া মোৰ দেশৰ মাটিৰ আহ্বান।”
সংলাপটো মাতি অলপ থমকি ৰলোঁ। শীততাপ নিয়ন্ত্ৰিত কোঠাটোত মোক ঠাণ্ডাই চুব পৰা নাই। হাঁহি এটা বিৰিঙি উঠিল আহমেদৰ কথা মনত পৰি। একেলগে পঢ়িছিলোঁ আমি। আজি মই অভিনয়জগতৰ চুপাৰষ্টাৰ। আহমেদ গুছি গ’ল সেনাবাহিনীৰ অফিচাৰ হৈ। মই সফল, মই অহংকাৰী। আহমেদ বোধহয় এতিয়া বৰফে ঢকা কোনোবা সীমান্তত দেশৰ কাৰণে উজাগৰী নিশা কটাইছে আৰু মই দেশপ্ৰেমৰ ভাওনা পাতিছোঁ। মানুহক চিনি পাওঁ মই। মোৰ ফটোৱে শোভা পায় কাৰোবাৰ চ’ৰাঘৰত কাৰোবাৰ শুৱনি কোঠাত। মই হওঁ বাতৰি কাকতৰ চৰ্চাৰ বিষয়। দুটামানে আকৌ মোক ভগৱান বুলি মানিব। এজাক ছোৱালী পাগল হৈ থাকিব মোৰ এটা চুমাৰ বাবে; মোৰ শয্যাসংগিনী হ’বলৈ। কোনোবা আহমেদৰ মৃত্যুত মই শোক প্ৰকাশ কৰিলেও মোৰ মন্তব্যই হয়তো বেছি গুৰুত্ব পাব। হাঃ হাঃ। চাল্লা।
সেয়া কোনোবা সহ অভিনেতাৰ উদ্দাত্ত কণ্ঠ- “ভাৰত মাতা কী জয়।”

Posted in অণু গল্প(Micro Fiction), Pensketch | মন্তব্য দিয়ক

মুখা।

-“…..তাৰ পাছত লক্ষ্মণে তাইৰ নাক কাণ কাটি খেদি পঠিয়ালে……। …..তাৰ পাছত ৰামে সীতাক নিজৰ সতীত্বৰ প্ৰমাণ দিবৰ বাবে জুইত জাঁপ দিবলৈ নিৰ্দেশ দিলে….. । …..ৰামে তেতিয়া সীতাক পুনৰ বনলৈ ঘুৰাই পঠিয়ালে ……।”
-“ককা, ৰাম ইন্দ্ৰ এইবোৰ সঁচাকৈয়ে ভগৱান হয়নে ? আজিকালি যে মুখাপিন্ধা ভদ্ৰলোক বুলি কথা এষাৰ আছে এওঁলোকো মুখা পিন্ধা ভগৱান নেকি ?
[কাৰো ধৰ্মীয় অনুভুতিত আঘাত কৰাটো আমাৰ উদ্দেশ্য নহয়।]

Posted in স্মৃতি আৰু অনুভৱ।, Uncategorized | মন্তব্য দিয়ক

বজাৰ।

********
-“আইতা, ভোক লাগিছে।”
-“ৰহ অ অলপমান। পেনপেনাই নাথাকিবি। ৰান্ধি আছোঁ।”
মুৰিখিনি গূড়ৰ লগত কেৰাহীখনত লৰাই লৰাই আইতাকে ছোৱালীজনীক ক’লে।
-“ৰাতিলৈ ভোজ খাম আজি, মাছেৰে। য’তে-ত’তে যা-তা বস্তু খাই নুফুৰিবি।”
ফটা কম্বলখন ভায়েকৰ সৈতে একেলগে গাত লৈ থকা ছোৱালীজনীয়ে কিন্তু থেনথেনায়ে থাকিল তেতিয়াও।
-“এতিয়া বৰ ভোক লাগিছে অ আইতা।”
বুঢ়ীমাকৰ মনটো দুখেৰে ভৰি পৰিল। মাউৰা ল’ৰা-ছোৱালী দুটাক লৈ বুঢ়ী মৰিবও নোৱাৰা হ’ল এতিয়া। পুতেকটো কৰবাত হেৰাই থাকিল বুঢ়ীৰ। গুৱাহাটীত মজদুৰি কাম কৰিছিল সি। ৰাতি সি তাতেই থাকিছিল। তিনি-চাৰি দিনৰ মূৰত একোবাৰ ঘৰলৈ আহিছিল। শেষ কেতিয়া আহিছিল সি ? নাই মনত নাই বুঢ়ীৰ। তাৰ পাছত আৰু ল’ৰাটো ঘুৰি নাহিল। বোৱাৰীয়েকজনী আন এটা মানুহৰ লগত পলাই গ’ল। “হায়দৰবাগ” নে ক’ত থাকে হেনো মানুহটো। “চিকৰিটি” কাম কৰে কিবা। আৰ্মীৰে কিবা হ’বলা। বহুত দূৰ ইয়াৰপৰা হেনো। দিল্লীতকৈও দূৰ হ’ব চাগৈ। ৰাতিপুৱাই পুঠি মাছ অলপ পাইছিল পথাৰৰ মাজৰ বিলখনত। গুৱাহাটীৰ বজাৰলৈ নিব লাগিব বেচিবলৈ। আজি ৩১ ডিচেম্বৰ। গতিকে তাত অলপ দামটো বেচিকৈ পোৱা যাব। এইখিনি ঠাই এতিয়াও চহৰ হোৱাগৈ নাই সম্পূৰ্ণকৈ। গুৱাহাটীৰ বতাহ ঠাইখিনিত লাহে লাহে লাগিছেহি যদিও সেই বতাহে উৰুৱাই পেলোৱা নাই এতিয়ালৈকে।
-“তহঁতি খা এইকেইটা। ভাত মই ৰান্ধি থৈ যাম। আলু দুটা আছে। নিমখ আৰু তেল আছে। তহঁতি খাবি। মই টাউনৰপৰা আহিম। য’ত-ত’ত ঘুৰি নুফুৰিবি দেই তহঁতি।”
বুঢ়ী ওলাই আহিল অলপ পাছতে। এটা হাতত ৰাতিপুৱা পোৱা পুঠি মাছখিনি। ভালেমান মাছ আছে। তিনি কেজিমান মাছেই হ’ব প্ৰায়। ১৫০ টকা মানকৈ পোৱা যাব কেজিত। কম্বল এখন কিনিব লাগিব। দুশ টকাত পায়নে নাই জানো আজিকালি কম্বল!
——————————————————————————-
ৰাতিপুৱা শুই উঠিয়েই ঘড়ীটো চাই জঁপিয়াই উঠিল সমীৰ।দেৰীয়েই হ’ল উঠা। আজি ৩১ ডিচেম্বৰ। তাৰ বহুত কাম আজি। কেমেৰামেন ব্ৰজেনৰ লগত সি গুৱাহাটীৰ ঠায়ে ঠায়ে ঘুৰি ৰাতিপুৱা শুই উঠিয়েই ঘড়ীটো চাই জঁপিয়াই উঠিল সমীৰ।দেৰীয়েই হ’ল উঠা। আজি ৩১ ডিচেম্বৰ। তাৰ বহুত কাম আজি। কেমেৰামেন ব্ৰজেনৰ লগত সি গুৱাহাটীৰ ঠায়ে ঠায়ে ঘুৰি “ব্ৰেকিং নিউজ” সংগ্ৰহ কৰিব লাগিব। বহুত কাম। ক’ত ডাঙৰ ছাগলী কাটিছে, ক’ত ডাঙৰ মাছ উলিয়াইছে, ক’ত উদণ্ড যুৱক-যুৱতীৰ দলে উৎপাত কৰিছে, কোনে মদ খাই বেলেগৰ ঘৈণীয়েকক বেয়া ব্যৱহাৰ কৰিলে, কোনখন বাৰ কিমান সময়লৈ খোলা আছে, ফাঁচী বজাৰৰ পিনে ৩১ ডিচেম্বৰ বুলি কি হৈছে, কোন মন্ত্ৰীৰ কি প্ৰগ্ৰেম আছে……। মুঠৰ ওপৰত তাৰ ৰক্ষা নাই। ঘৰলৈ যাব নোৱাৰে সি। গোলাঘাটৰ ঘৰখনত আজি মাক আৰু দেউতাক হে আছে। বায়েকক বিয়া দিয়াৰ পাছত সিও আহি গুৱাহাটীত থিতাপি ল’লেহি। চাকৰি-বাকৰি নাছিল তাৰ বহুতদিন। বিশেষ অৰ্হতাও নাছিল তাৰ। হঠাতে যেনিবা সি নিউজ চেনেলটোত চাকৰিটো পাই গ’ল। সংবাদদাতা সি এতিয়া। গুৱাহাটীৰ চুকে-কোণে ব্ৰেকিং নিউজ বিচাৰি ফুৰাই তাৰ কাম। তাৰ ভাষাজ্ঞান বৰ শুদ্ধ নাছিল। কথা কওতেও তাৰ লাগি লাগি ধৰে। পিছে চেনেলৰ মৰমী বাইদেৱে তাক মৰম কৰি কৰি কয়, “একো নাই ছমীৰ….তোমাৰ মাতটো কিউট হয় বহুত জানা। গ্ৰেমাৰৰ দৰকাৰেই নাই ব্ৰেকিং নিউজ দিবৰ কাৰণে। তোমাৰ ফেচটোও ইমান কিউট।” তাৰ গালতে চিকুট এটাও পৰে কেতিয়াবা মৰমৰ। বৰ বিপজ্জনক কিন্তু এই নিউজ সংগ্ৰহ কৰাৰ কামটো। এবাৰ সি হ’ষ্টেলৰ ল’ৰা কেইটামানে ওচৰৰ মানুহ এজনৰ গাহৰি এটা ধৰাৰ খবৰটো ন বজাৰ ব্ৰেকিং নিউজ বুলি দিবলৈ গৈছিল। হ’ষ্টেলৰ ল’ৰাৰ হাতত নমৰাকৈহে বাচি আহিল সি। তাক লপা-থপা দিয়া মানুহৰ মাজত হেনো গাহৰিৰ মালিকো আছিল। আন এদিন আকৌ সি মহিলাক যৌন নিৰ্যাতন চলোৱা তাণ্ডৱী চয়তান নামৰ বাতৰি এটা যুগুতাবলৈ গৈ মহিলা কেইগৰাকীমানৰপৰা ভালকৈ পিটন খাইছিল। তাৰ শান্তি নাই। যি কি নহওঁক, আজিৰ দিনটোত মানে “আজিৰ তাৰিখত” তাক ভাল নিউজ কেইটামান লাগিবই। টুৱেণ্টী ফ’ৰ-টুৱেণ্টী নাইন চেনেলৰ মৃদুল ওলালেই চাগৈ নিউজ বিচাৰি এতিয়ামানে। তাৰ আকৌ বাইকৰ খৰছ সমীৰতকৈ বেছিকৈ দিয়ে হেনো চেনেলে। মৰমী বাইদেউক মৰম কৰি কৰি আৰু অলপ উলিয়াব লাগিব বিহুৰ আগে আগে এইবাৰ।
দিনটো বজাৰে-সমাৰে, গ্ৰন্থমেলা আদি ত ঘুৰি-মেলি গধূলিৰ আগে আগে সি মাছৰ বজাৰত সোমালগৈ।
-“ব্ৰজেন কেমেৰা চালু কৰ।”
-“এতিয়া আমি যাম ৩১ ডিচেম্বৰৰ মাছৰ বজাৰখনলৈ। হয়, আমি আপোনাক দেখুৱাম কিদৰে এই মাছ-মাংসৰ খুচুৰা বেপাৰীসকলে আপোনাক, মোক লুটি-পুটি খাইছে। হয়, আমি দেখুৱাম। মাত্ৰ আমি ৰাইজ। মাত্ৰ আমি দেখুৱাম আপোনাক খুচুৰা বেপাৰীৰ দৌৰ, মানে দৌৰাত্ম্য।”
-“ৰৌ মাছৰ কেজি কিমানকৈ দিছে আজি আপুনি ? ”
-“ৰৌ মাছ আজি মই অনা নাই। এয়া ভকুৱা মাছ। ৩৫০ টকা কেজি।”
-“এয়া চাওঁক ৰাইজ। এওঁ হেনো আজি ৰৌ মাছ অনাই নাই। ভকুৱাৰ কেজি তিনছ পঞ্চাছ টকা। আপুনি বা মই হয়তো আজিৰ নিশাটো খালী পেটেৰেই কটাব লাগিব এওঁলোকৰ উপদ্ৰৱৰ বাবে।”
-“এতিয়া আমি আপোনাক দেখুৱাম মাগুৰ মাছৰ দাম।”
-“মাগুৰ মাছ কেনেকৈ দিছে ? ”
-“৭০০ টকা কেজি।”
-“এয়া চাওক ৰাইজ। মাগুৰ মাছৰ কেজি চাতচ টকা। অসমৰ ৰাস্তাই ঘাটে, ৰাইজৰ ঘৰৰ চুকে-কোণে উভৈনদী মাগুৰ মাছৰো দাম আজি চাতচ টকা। আমি আকৌ গৈছোঁ দোকানীজনৰ ওচৰলৈ।”
-“মাগুৰ মাছৰ ইমান দাম যে কিয় ? ”
দোকানীজনীৰ চকুৱে-মুখে স্পষ্ট বিৰক্তিৰ চিন।
-“অসমৰ মাছে বাহিৰৰপৰা অহা মাছৰ লগত আজি ফেৰ মাৰিবলৈ সক্ষম হৈছে। অসম আজি পিচপৰি থকা নাই। অসমৰ মাছ কিয় পিচপৰি থাকিব ? সেইকাৰণেই অসমীয়া লোকেল মাছ বুলি দাম বেছি হ’বই।”
-“হয়। হয় ৰাইজ। এওঁৰ কথাত যুক্তি আছে।”
-“এইবাৰ যাওঁ আমি পুঠি মাছৰ কাষলৈ। মানে পুঠি মাছৰ বেপাৰীৰ কাষলৈ।”
“কিমান দাম মাছৰ ?”
“১৫০ টকা। ১৪০ কৈ দিম আৰু।”
“এয়া চাওঁক ৰাইজ পুঠি মাছৰ দাম। আপোনাৰ ককাদেউতা বা আজোককাহঁতে ভাবিছিলনে পুঠি মাছ ১৪০ টকা কেজিত কিনি খাব বুলি ? কিন্তু আমি আজি বাধ্য। ইয়াৰ আঁৰত কাৰ ষড়যন্ত্ৰ ? এই নিৰীহ যেন লগা বৃদ্ধা মহিলাজনীৰ আঁৰৰ মুখাখন কাৰ ? কিয় বেচিব লগীয়া হ’ল পুঠি মাছ একচ চল্লিচ টকাত ?”
——————————————————————-
মৃণাল অফিচৰপৰা বাহিৰে বাহিৰে বজাৰলৈ গ’ল। নিউজ চেনেলৰ কেমেৰামেনটো ঘুৰি ফুৰিছে বজাৰখনত। অলপ আঁতৰি থকাই ভাল। লাইভ দেখুৱাই আছে। শুধিও দিব পাৰে মাছ কিনিবলৈ আহি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বুলি। মাছ কিনিব লাগে কিনিব। কি অনুভৱ কৰিবলৈ আছে তাত আৰু। টিঙিচকৈ মাৰিল তাৰ খঙে। বুঢ়ী মানুহজনীয়ে মাছকেইটামান আনিছে বেচিবলৈ। তাত আকৌ সেইপাতে ষড়যন্ত্ৰৰ গোন্ধ পাইছে। দেশখন নিপাতে গ’ল আৰু। কেমেৰাটো আঁতৰ হওঁক তাৰপৰা। পুঠি মাছেই কিনিব লাগিব আজি। পুঠি মাছৰ ফ্ৰাই খাব লাগিব।
“কিমানকৈ হে মাছ ?”
“১৪০ টকা কেজি। পোৱাত ৩৫ টকা।”
“কমাই লওঁকহে অলপ। এশ টকাকৈ ৰাখক। ইমান দাম লয়নে আৰু পুঠি মাছত ?”
“১২০ টকাকৈ দিবা ভাইটি। সোনকালে বিক্ৰী কৰি যাব লাগে মইও।”
“ঠিক আছে। ৬০ টকাৰে দিয়ক। ৬০০ গ্ৰাম দি দিয়ক।”
মাছখিনি লৈ মাছখিনিৰ দাম কমাই ল’ব পৰাৰ আনন্দত মৃণাল বজাৰৰপৰা সুহুৰি এটা মাৰি বাহিৰলৈ ওলাল। এতিয়া ৰামৰ বটল এটা ল’বগৈ লাগিব। তাত দাম কমাব নোৱাৰি। ফিক্সদ ৰেট। কাইলৈ সময় উলিয়াই নিউজ চেনেলৰ দৌৰাত্ম্যৰ ওপৰত প্ৰবন্ধ এটা লিখিব লাগিব।

Posted in গল্প | মন্তব্য দিয়ক

“সপোন।”

*****
নতুন কোঠালিটোত গধূলি গৈ উঠিলোঁগৈ। পাহাৰৰ দাঁতিতে লাগি থকা হ’ষ্টেলটোৰ একেবাৰে আওহতীয়া কোঠালিটোলৈ তৃতীয়জন আবাসী আজি অহা নাই। আজি বসন্ত আৰু মই। আমি দুজনেই মাথোঁ।
******
ৰাতি টোপনিৰপৰা সাৰ পাই গলোঁ বসন্তৰ চিয়ৰত।
-“কি হ’ল ঐ বসন্ত ? কিয় চিয়ৰিছ?”
-“বহুত ভয় খালোঁ বে। ইয়াত ল’ৰা এজনে আত্মহত্যা কৰিছিল হেনো।”
-“শুই যা বন্ধু। শুই যা।”
*****
দ্বিতীয় নিশা ময়ো সপোন দেখিলোঁ। আচৰিত কথা। একেই সপোন। আত্মহত্যা কৰা ল’ৰাজনৰ নাম হেনো *** আছিল।
*******
তৃতীয় দিনা আমাৰ কোঠালৈ তৃতীয়জন ল’ৰা আহিল।
-“কি নাম তোমালোকৰ ? ঘৰ ক’ত ?”
-“মোৰ নাম বসন্ত শইকীয়া। মোৰ ঘৰ জামুগুৰিত।”
-“মোৰ নাম মৃণাল বৰা। ঘৰ বিহপুৰীয়াত।”
-“তোমাৰ নামটো ?”
-“মোৰ নাম ….।”
বসন্ত আৰু মোৰ সৰ্বশৰীৰ কঁপিবলৈ আৰম্ভ কৰিছে তেতিয়া ।

Posted in অণু গল্প(Micro Fiction), Pensketch | মন্তব্য দিয়ক

সহাঁৰি।

*******
-“আমি যেতিয়া সৰু আছিলোঁ অসমৰ বিভিন্ন ঠাইত আৰ্মীৰ কেম্প আছিল। মনত আছেই চাগে তোৰ। বেলেগ দোকানত ছয় বা সাত টকাত পোৱা কল্ড ড্ৰিংকছ আমি আৰ্মী কেম্পৰ কেন্টিনত তিনি টকাত খাইছিলোঁ। আমি যে আৰ্মীৰ গাড়ীবিলাক ৰাস্তাৰে যাওঁতে হাত জোকাৰিছিলোঁ মনত আছেনে তোৰ ? সকলোৱে নহ’লেও কেইজনমান চিপাহীয়ে আমাৰ প্ৰতি সহাঁৰি জনাই হাত জোঁকাৰিছিল। সেই যে কেইজনমান চিপাহীয়ে আমাৰ প্ৰতি সহাঁৰি জনাইছিল সেয়া সেইটো বয়সত আমাৰ বাবে বৰ ডাঙৰ কথা আছিল। আমাৰ মুখত হাঁহি বিৰিঙাবলৈকে হওঁক বা ঘৰত এৰি থৈ অহা নিজৰ ল’ৰা-ছোৱালীকেইটাৰ কথা ভাবিয়েই হওঁক বা আন যিকোনো কাৰণতে হওঁক তেওঁলোকে এই হাত জোঁকাৰি সঁহাৰি জনোৱা কামটো কৰিছিল। এইটো তেওঁলোকৰ ডিউটি নাছিল কিন্তু। এই যে সৰু সৰু ল’ৰা-ছোৱালীকেইটাই জঁপিয়াই জঁপিয়াই হাত জোঁকাৰিলে সিহঁতে তোক বা মোক বা আন কাৰোবালৈ চাই হাত জোঁকৰা নাই। সিহঁতে ট্ৰেইনখনক উদ্দেশ্যি হাত জোঁকাৰিছে। ট্ৰেইনখনেতো সিহঁতক হাত জোঁকাৰি সহাঁৰি নিদিয়ে। ট্ৰেইনখনৰ আজিৰ যাত্ৰাৰ এটা অংশ আমিও নহয় জানো ? সেইকাৰণে মই হাত জোঁকাৰি সহাঁৰি দিওঁ। মই হাত জোঁকাৰিলে যদি সেই এমুঠিমান ল’ৰা-ছোৱালীৰ ওঁঠত দুই মিনিটৰ বাবে হ’লেও হাঁহি বিৰিঙি উঠে তেনেহ’লে হাত জোঁকৰাত কি আপত্তি ?”
-“মুকুল তই কথাবিলাক এনেকৈয়ো ভাবিব পাৰ বুলি মই ভবাই নাছিলোঁ।”
*****
আজিকালি ট্ৰেইনত গৈ থাকোঁতে যদি কোনো সৰু ল’ৰা-ছোৱালীক হাত জোঁকৰা দেখোঁ ময়ো সহাঁৰি জনাওঁ।

Posted in অণু গল্প(Micro Fiction), Pensketch | মন্তব্য দিয়ক

ভাল লগা কথা|

বিহপুৰীয়াৰপৰা লক্ষীমপুৰলৈ বুলি গৈ আছোঁ। বিহপুৰীয়াৰপৰা লালুক হৈ লক্ষীমপুৰ যোৱা ৰাস্তাটোৰ দুৰৱস্থাৰ কথা জনাই জানে। বেলেগ এটা কথাহে কওঁ।
বাছখন ধলং পলং কৈ গৈ আছে সৰু সৰু পুখুৰীবোৰৰ ওপৰেৰে। হঠাৎ ৰাস্তাৰ কাষত গৈ ৰৈ গ’ল গাড়ীখন। কি হৈছেনো চাওঁ বোলোতেই দেখা পালোঁ গাড়ীখনে খালী কৰি দিয়া ৰাস্তাইদি এম্বুলেনছ এখন পাৰ হৈ গৈছে। এমবুলেনছখন পাৰ হোৱাৰ পাছত গাড়ীখন পুনৰ পুখুৰীৰ ওপৰেৰে আগবাঢ়িল। গাড়ী মটৰে এমবুলেনছক বাট এৰি নিদিয়া দেখি দেখি অভ্যস্ত তথা অতীস্থ হৈ পৰা মনটোক এই ব্যতিক্ৰমটোৱে ভাল লগাই দিলে। ৰোগীজনৰ আশু আৰোগ্য কামনা কৰিলোঁ।

Posted in অন্য লিখনি, স্মৃতি আৰু অনুভৱ।, Uncategorized | মন্তব্য দিয়ক